অনন্য নিদৰ্শন! মাতৃৰ নিসংগতা দূৰ কৰিবলৈ বিয়া পাতি দিলে কন্যাই, সামাজিক মাধ্যমত ভাইৰেল ফটো-ভিডিঅ’

নিউজ ডেস্কঃ পিতৃ-মাতৃয়ে সন্তানৰ প্ৰতি যিমান দায়িত্ব পালন কৰে, সিমান দায়িত্ব পিতৃ-মাতৃৰ প্ৰতি পালন কৰা উচিত সন্তানেও।

জীৱনৰ সকলো সপোন, সুখ, আনন্দৰ সময় ত্যাগ কৰি সন্তানক ডাঙৰ-দীঘল কৰে পিতৃ-মাতৃয়ে।

কিন্তু সন্তান ডাঙৰ হোৱাৰ পিছত পিতৃ-মাতৃ সুখী নে দুখী, নিসংগ নেকি সেয়া উপলব্ধি কৰাৰ সময় বা মানসিকতা নাথাকে তেওঁলোকৰ।

কিন্তু মেঘালয়ৰ দেৱ আৰতী তেনে নহয়।

image 99
অনন্য নিদৰ্শন! মাতৃৰ নিসংগতা দূৰ কৰিবলৈ বিয়া পাতি দিলে কন্যাই, সামাজিক মাধ্যমত ভাইৰেল ফটো-ভিডিঅ’ 4

সেয়ে বহু বছৰ পূৰ্বে স্বামীক হেৰুৱাই নিসংগতাৰ মাজেৰেই সন্তানক ডাঙৰ-দীঘল কৰা মাতৃৰ আঁচলত সুখৰ একাঁজলি পোহৰ বাকী দিলে দেৱ আৰতীয়ে।

শ্বিলংঙৰ নিৱাসী দেৱ আৰতী চক্ৰৱৰ্তীয়ে অলপতে বিয়া পাতি দিয়ে তেওঁৰ ৫০ বৰ্ষীয় মাতৃ মৌচুমী চক্ৰৱৰ্তীৰ।

কন্যা হৈও মাতৃৰ নিসংগতা দূৰ কৰাৰ বাবে দেৱ আৰতীয়ে গ্ৰহণ কৰা সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

image 100
অনন্য নিদৰ্শন! মাতৃৰ নিসংগতা দূৰ কৰিবলৈ বিয়া পাতি দিলে কন্যাই, সামাজিক মাধ্যমত ভাইৰেল ফটো-ভিডিঅ’ 5

লগতে ভাইৰেল হৈ পৰিছে মাতৃ মৌচুমী চক্ৰৱৰ্তীৰ বিয়াৰ ফটো আৰু ভিডিঅ’ও।

এটা সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত দেৱ আৰতীয়ে কয় যে শ্বিলঙত চিকিৎসক হিচাপে কৰ্মৰত তেওঁৰ পিতৃৰ মৃত্যু ঘটিছিল শৈশৱতে।

তাৰ পিছত মাতৃয়ে তেওঁক আইতাকৰ ঘৰলৈ লৈ যায় আৰু শিক্ষকতাৰ জীৱন আৰম্ভ কৰি অকলেই দেৱ আৰতীক ডাঙৰ-দীঘল কৰে।

image 101
অনন্য নিদৰ্শন! মাতৃৰ নিসংগতা দূৰ কৰিবলৈ বিয়া পাতি দিলে কন্যাই, সামাজিক মাধ্যমত ভাইৰেল ফটো-ভিডিঅ’ 6

দেৱ আৰতীৰ মতে, পিতৃৰ মৃত্যুৰ পিছত একেবাৰে অকলশৰীয়া হৈ পৰিছিল তেওঁৰ মাতৃ। কিন্তু সেই সময়ত চলি থকা পৰিয়ালৰ সম্পত্তিৰ বিবাদ আৰু সন্তানৰ দায়িত্বৰ বাবে নিজৰ নিসংগতা দূৰ কৰাৰ অৱকাশ নাছিল মাতৃৰ হাতত।

দেৱ আৰতীয়ে বুজা হোৱাৰ পিছত বিচাৰিছিল যে তেওঁৰ মাতৃয়েও এজন জীৱন সংগী বিচাৰি পাওক।

কিন্তু মাতৃক সৈমান কৰিবলৈ তেওঁ বহুত কষ্ট কৰিবলগীয়া হৈছিল।

আৰু অৱশেষত যেতিয়া মাতৃয়ে যেতিয়া সন্মতি প্ৰদান কৰিলে, তেতিয়াই পশ্চিমবংগৰ নিৱাসী স্বপনৰ সৈতে মাতৃক বিয়া পাতি দিয়ে দেৱ আৰতীয়ে।

২০২২ চনৰ মাৰ্চত সম্পন্ন হৈ যায় স্বপন আৰু দেৱ আৰতীৰ মাতৃ মৌচুমীৰ বিয়াখন। এই বিয়াখনক লৈ এতিয়া সকলো সুখী বুলি মন্তব্য কৰে দেৱ আৰতীয়ে।