নিউজ ডেস্কঃ অধিক সংকটজনক হৈ পৰিছে প্ৰবীণ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্য।
বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে চিত্ৰশিল্পীগৰাকী।
মঙলবাৰৰ নিশাৰ পৰা তেওঁক প্ৰদান কৰি থকা হৈছে কৃত্ৰিম শ্বাস প্ৰশ্বাস।
নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে জানিবলৈ দিছে জিএমচিএইছৰ অধীক্ষকে।
বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ।
উল্লেখ্য যে, যোৱা ২২ ছেপ্টেম্বৰৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে নীলপৱন বৰুৱা।