অধিক মুনাফাৰ প্ৰলোভন দি গ্ৰাহকৰ ধন লুট! মহানগৰীৰ Yes Moneyৰ কাৰ্যালয়ত চলিল BIEOৰ অভিযান, ৩জনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ অধিক মুনাফাৰ লোভ দেখুৱাই সাধাৰণ গ্ৰাহকৰ ধন আত্মসাৎ কৰা এটা কোম্পানীৰ কাৰ্যালয়ত চলিল অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অভিযান।

বৃহস্পতিবাৰে নিশা মহানগৰীৰ ওদালবাক্ৰাত থকা য়েছ মানী নামৰ এটা প্ৰতিষ্ঠানৰ কাৰ্যালয়ত অভিযান চলায় BIEOয়ে।

অভিযানকালত গ্ৰেপ্তাৰ কোম্পানীটোৰ চিইঅ’সহ ৩ জনক।

অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰে য়েছ মানীৰ চিইঅ’ বনমালী হাজৰিকা, একাউণ্টেন্ট ৰজত দাস আৰু এজন ছিকিউৰিটি গাৰ্ডক।

অভিযোগ অনুসৰি, অধিক মুনাফা প্ৰদানৰ প্ৰলোভনেৰে এই কোম্পানীটোৱে গ্ৰাহকৰ পৰা সৰকাইছিল এক কোটিৰো অধিক ধন।

শেহতীয়াকৈ ভুক্তভোগী গ্ৰাহকে দাখিল কৰা অভিযোগৰ পিছতে অভিযান চলায় BIEOয়ে।