অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সম্পৰ্কত টাস্ক ফৰ্চ গঠনৰ ঘোষণা যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ

খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ ঘোষণা।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সম্পৰ্কত টাস্ক ফৰ্চ গঠনৰ ঘোষণা মন্ত্ৰীগৰাকীৰ।

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক বৈঠকত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্তিতিত খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতা তথা চেম্বাৰ্চ অৱ কমাৰ্চৰ প্ৰতিনিধি-বৰ্গৰ মাজত হোৱা বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰত পৰ্যালোচনা কৰা হয়।

জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ দিয়াৰ পাছত সভাত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালক মানস নাথে অসমৰ লগতে অন্যান্য ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যৰ ওপৰত তুলনামূলক পৰ্যালোচনা আগবঢ়ায়।

সভাত সামগ্ৰীসমূহৰ মূল্যৰ ওপৰত পুংখানুপুংখ আলোচনা কৰাৰ পাছত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সম্পৰ্কত বিভিন্ন বিভাগৰ বিষয়াক লগত লৈ গুৱাহাটী মহানগৰীৰ এটি টাস্ক ফ’ৰ্চ গঠন কৰাৰ কথা ঘোষণা কৰে।

দণ্ডাধীশ, আৰক্ষী বিষয়া, কৃষি বিপণন পৰিষদৰ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ বিষয়া আদিক লগত লৈ এই দলটো গঠন কৰা হ’ব।

মন্ত্ৰী দাসে কয়- টাস্ক ফৰ্চে বজাৰে বজাৰে চলাব অভিযান।প্ৰতিখন বজাৰৰ ফলকত ব্যৱসায়ীয়ে লিখিব লাগিব সামগ্ৰীৰ মূল্য, পাইকাৰী বজাৰৰ কিনি অনা সামগ্ৰী খুচুৰা ব্যৱসায়ীসকলে বিক্ৰী কৰিব পাৰিব কেৱল ৫ ৰ পৰা ৬ টকাৰ অধিক মূল্যত।এই নীতি উলংঘা কৰিলে খুচুৰা ব্যৱসায়ীয়ে সন্মুখীন হ’ব শাস্তিৰ। মহানগৰীৰ কোনখন বজাৰত সামগ্ৰীৰ মূল্য কিমান? তাক জানিবলৈ শীঘ্ৰে গ্ৰাহকৰ বাবে যোগান বিভাগে মুকলি কৰিব এপ।

আনহাতে,দেশত সৰিয়হ খেতি চলিব বৰ্ষত অধিক হোৱাৰ বাবে ডিচেম্বৰ মাহৰ পৰা মিঠাতেল মূল্য হ্ৰাস হোৱাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে।

Leave a Comment