অতুল শৰ্মাৰ বাসগৃহত ৰাজহুৱা সভা, ক্ষমা খুজি শ্রাদ্ধত মৃতকৰ পৰিয়ালক সহযোগৰ অংগীকাৰ ৰাইজৰ…

মঙলদৈৰ সামাজিক সংকীৰ্ণতা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে মৃত অতুল শৰ্মাৰ গৃহত অৱশেষত অনুষ্ঠিত হ’ল ৰাজহুৱা সভা।
মঙলদৈৰ বিধায়ক বসন্ত দাসৰ মধ্যস্থতাত অনুষ্ঠিত হয় ৰাজহুৱা সভা খন।
বহু বাক-বিতন্দাৰ অন্তত অৱশেষত গণক সম্প্ৰদায়ৰ লোক সকলে ক্ষমা খোজাৰ লগেতে অতুল শৰ্মাৰ শ্ৰাদ্ধকে ধৰি সকলো কাম কাজত সহযোগিতা আগবঢ়াবলৈ সন্মতি প্ৰদান কৰে।
সভাত কুৰিজনতকৈ অধিক লোকে স্বাক্ষৰ কৰা এখন লিখিত ৰাজহুৱা ক্ষমা প্রার্থনা’ শীৰ্ষক পত্ৰত উল্লেখ কৰে যে, যোৱা ১ আগষ্ট মঙলবাৰে আমাৰ চুবুৰিৰ অতুল শৰ্মাৰ মৃত্যুৰ পিচত তেওঁৰ পাৰ্থিৱ শৰীৰ সংকাৰৰ ক্ষেত্ৰত ৰাইজে চলি অহা নিয়ম অনুসৰণ কৰে। সামাজিক নিয়ম অনুসৰি ৰাইজৰ সিদ্ধান্তমর্মে মৃতদেহটোক ভূ-সমাধি দিয়া হয়।
উক্ত সিদ্ধান্তটি সময়সাপেক্ষ নোহোৱা বাবে বিভিন্ন সচেতন সমাজৰ আৱেগ-অনুভূতিত আঘাত হানিছে, এই কথা আমাৰ দৃষ্টিগোচৰ হৈছে। তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো। বৰ্তমান সময়ৰ সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ আমাৰ ৰাইজে যি সিদ্ধান্ত ল’ব লাগিছিল, তাৰ বিপৰীতে লোৱা সিদ্ধান্তটি সচেতন মহলে ভুল বিবেচিত কৰাৰ বাবে আমিও ৰাজহুৱাভাৱে উক্ত সিদ্ধান্তটি ভুল আছিল বুলি মানি লৈছো।
ইয়াৰ পৰিপ্ৰেক্ষিতত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্বত বিভিন্ন দল-সংগঠন তথা প্রশাসনে মৃতদেহ সৎকাৰৰ ব্যৱস্থাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাক আমি ৰাজহুৱাভাৱে আদৰণি জনাইছো।
অনাগত দিনত আমাৰ মাজত থকা সম্প্ৰীতি অটুট ৰখাৰ বাবে সচেতন মহলে বিবেচনা কৰি এই বিষয়টো ইমানতেই শেষ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলো। শেষত অনাকাংক্ষিতভাৱে হোৱা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো।-পত্ৰত উল্লেখ।
পুৰুষ-মহিলাসহ বহু লোক উপস্থিত থকা এই সভাত গণক চুবাৰ ৰাইজে বামুণৰ দ্বাৰাই অতুল শৰ্মাৰ শ্ৰাদ্ধ তথা কাজ-কৰ্ম কৰাৰ অংগীকাৰ কৰে।