fbpx
অসম

অতি শোকাৱহ! লিগাং চাই উভতি অহাৰ পথত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ বছৰীয়া কন্যাসহ পিতৃ-মাতৃয়ে…

এক অতি শোকাৱহ পথ দুৰ্ঘটনা।

লিগাং চাই উভতি অহাৰ পথত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ বছৰীয়া কন্যাসহ পিতৃ-মাতৃয়ে।

ধেমাজি জিলাৰ জোনাইৰ তেলাম লখিপথাৰস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

এই ভয়াৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনি গৰাকী লোক নিহত হোৱাৰ লগতে ৬ জন লোক গুৰুতৰ ভাৱে আহত হয়।

জানিব পৰা মতে, বিপৰীত দিশৰ পৰা অহা এখন ছুইফ্ট ডিজায়াৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এখন মটৰ চাইকেল, স্কুটী আৰু এজন চাইকেল আৰোহীক মহতিয়াই লৈ যায়।

লিগাং চাই বাইকেৰে নিজ ঘৰলৈ বুলি উভতি অহাৰ সময়ত একেটা পৰিয়ালৰ পিতৃ-মাতৃৰ লগতে এটি ৮ বছৰীয়া কন্যা নিহত হয়।

দুৰ্ঘটনা সংঘটিত কৰা ছুইফ্ট ডিজায়াৰ বাহনখনৰ নম্বৰ হৈছে AR 05 JB 2022.

ইতিমধ্যে ছুইফ্ট ডিজায়াৰ গাড়ীখনৰ চালকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

আনহাতে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা লোকসকলক তেলাম প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়।

Related Articles

Back to top button