অতি শোকাৱহ! বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অৰুণাচলত নৈৰ বুকুত সন্ধানহীন অসমৰ দুই ছাত্ৰ…

এক শোকাৱহ ঘটনা।

গা ধুবলৈ গৈ পুনৰ নদীৰ পানীত হেৰাই গ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয় দুই ছাত্ৰ।

অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ চিয়াং নদীত সংঘটিত হ’ল ভয়ংকৰ ঘটনা।

খৰস্ৰোতা নদীখনত উটি যোৱা ছাত্রদ্বয় হৈছে ক্ৰমে বিশ্ববিদ্যালয়খনৰ পি জি ডি চি এৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ তথা ডিব্ৰুগড়ৰ চিৰিং চাপৰি নিবাসী প্ৰসিদ্ধ সন্দিকৈ আৰু বি চি এ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ গহপুৰ নিবাসী শুভদ্বীপ পাল।

image 186 edited
অতি শোকাৱহ! বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অৰুণাচলত নৈৰ বুকুত সন্ধানহীন অসমৰ দুই ছাত্ৰ... 4

আন তিনিগৰাকী ছাত্ৰৰ সৈতে তেওঁলোকে ফুৰিবলৈ পাচিঘাটলৈ গৈছিল। পাচিঘাটৰ চিয়াং নদীৰ ৰাণাঘাটত কেউজনে গা ধুবলৈ নদীখনত নামিছিল।

ইয়াৰে তিনিজন ছাত্ৰ পাৰলৈ উঠি আহিবলৈ সক্ষম হয় যদিও প্রসিদ্ধ সন্দিকৈ আৰু শুভদ্বীপ পালক খৰস্ৰোতা চিয়াঙৰ সোঁতে উটুৱাই নিয়ে।

image 185
অতি শোকাৱহ! বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অৰুণাচলত নৈৰ বুকুত সন্ধানহীন অসমৰ দুই ছাত্ৰ... 5

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক (প্রশাসনিক) পৰমানন্দ সোণোৱালে জানিবলৈ দিয়া মতে, ইতিমধ্যে পাচিঘাটৰ স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও ছাত্ৰ দুজনৰ সন্ধান পোৱা নাই।

বিশ্ববিদ্যালয়খনৰ নিৰাপত্তা বিষয়াৰ নেতৃত্বত এটা দল পাচিঘাটলৈ ৰাওনা হোৱা বুলি তেওঁ জানিবলৈ দিছে।

লগতে চাওকঃ

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই…

G3 1
অতি শোকাৱহ! বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অৰুণাচলত নৈৰ বুকুত সন্ধানহীন অসমৰ দুই ছাত্ৰ... 6