অতি শোকাৱহ! নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ মিটাৰ তলত বাগৰি পৰিল বৰযাত্ৰীৰ বাছ, ২৫ জনৰ কৰুণ মৃত্যু…

এক অতি শোকাৱহ ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ মিটাৰ তলত বাগৰি পৰিল বৰযাত্ৰীৰ বাছ।

দুৰ্ঘটনাটোৰ ফলত ২৫ জন লোকে সাৱটিলে কৰুণ মৃত্যুক। আঘাতপ্ৰাপ্ত ২১জনক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি।

পুৱতি নিশা উত্তৰাখণ্ডৰ পৌৰী গাঢ়ৱালৰ ধুমকোটৰ বিৰোংখল অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

আৰক্ষী আৰু এছডিআৰএফৰ দলে ২১জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বাছখনত ৪৫ৰ পৰা ৫০জন লোক আছিল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বৰযাত্ৰী কঢ়িয়াই নিয়া বাছখন লালঢাঙৰ পৰা কাড়া তল্লালৈ গৈ আছিল।

পৌড়ী গঢ়ৱাল জিলাৰ ছিমৰী গাঁৱৰ সমীপত ৰিখনীখাল–বিৰোংখাল পথত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বাছখন গভীৰ খাৱৈত বাগৰি পৰে।

ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়ে এছডিআৰএফক শীঘ্ৰে উদ্ধাৰ অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে প্ৰদান কৰাৰ লগতে শোক প্ৰকাশ কৰে।