অসম

অতি শোকাৱহ! গছ কাটিবলৈ গৈ ডাল ভাঙি পৰি কৰুণ মৃত্যুক সাৱটিলে এজনে…

এক কৰুণ ঘটন !

গছ কাটিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী লোক।

নিজৰ ঘৰতে গছ কাটি থাকোতে কৰুণ মৃত্যুক সাৱটে প্ৰতাপ ৰয় নামৰ এজন লোকে।

বজালী জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰশিমলা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, প্ৰতাপ ৰয়ে নিজ ঘৰৰ গছৰ ডাল কাটিবলৈ গছত উঠিছিল। কিন্তু দুৰ্ভাগ্যঃবসত ডাল ভাঙি আন এটা ডালত পৰি যায় লোকজন। যাৰ ফত পেটৰ মাজত ডাল সোমাই থিতাতে মৃত্যুক সাৱটি লয় লোকজনে।

অতিকে দৰিদ্ৰ প্ৰতাপ ৰয়ে দিন হাজিৰা কৰি পৰিয়াল পালন কৰি আছিল।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ।

চিৰদিনৰ বাবে পত্নীসহ ১২ বছৰীয়া পুত্ৰ আৰু ৮ বছৰীয়া কন্যাক এৰি থৈ যায়।

ইয়াৰ পিছতে স্থানীয় ৰাইজৰ বজালী জিলাৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে।

প্ৰতাপ ৰয়ৰ মৃত্যুত বৰশিমলা অঞ্চলত পৰিছে গভীৰ শোকৰ ছাঁ।

Related Articles

Back to top button