অতি শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে দুই পুত্ৰ শিৰোমণি আৰু অজয়ে…

এক অতি শোকাৱহ পথ দুৰ্ঘটনা।

ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে দুই পুত্ৰই।

শিৱসাগৰৰ কোঁৱৰপুৰ কাৰীগাৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

শুক্ৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত কোঁৱৰপুৰত একে পৰিয়ালৰ দুই যুৱক নিহত হোৱা ঘটনাই সমগ্ৰ পেলাইছে অঞ্চলটোতে শোকৰ ছাঁ।

স্কুটী চলাই যাওঁতেই এজোপা গছত খুন্দা মৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ কাৰাটে খেলুৱৈ  শিৰোমণি কোঁৱৰ (২৪) আৰু তেওঁৰ দদায়েকৰ পুত্ৰ অজয় কোঁৱৰ নিহত হয়। 

image 12
অতি শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে দুই পুত্ৰ শিৰোমণি আৰু অজয়ে... 2

দুৰ্ঘটনাটো প্ৰদ্যুম্ন বৈৰাগী নামৰ এজন যুৱকো গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ পিছতেই তিনিও জনকে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই খেলুৱৈ তথা প্ৰশিক্ষক শিৰোমণি কোঁৱৰ আৰু ভাতৃ অজয় কোঁৱৰ মৃত্যু হয়।

উল্লেখ্য যে, নিহত শিৰোমণি কোঁৱৰ প্ৰতিভাৱান ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ তথা প্ৰশিক্ষক।

শেহতীয়াকৈ অসম যুৱ অলিম্পিকতো তেওঁৰ নেতৃত্বত যোৱা এটা দলে পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছিল।

শিৰোমণি কোঁৱৰ আৰু অজয় কোঁৱৰৰ মৃত্যুত সদৌ অসম কাৰাটে সন্থা, শিৱসাগৰ জিলা কাৰাটে সন্থাসহ স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।