অতি মৰ্মান্তিক! মন্দিৰলৈ যোৱাৰ পথত বিদ্যুতস্পৃষ্ট হৈ গাড়ীতে ১০ জনৰ মৃত্য, আহত ১৬ জন…

এক অতি মৰ্মান্তিক ঘটনা।

মন্দিৰলৈ যোৱাৰ পথত বিদ্যুতস্পৃষ্ট হৈ এখন গাড়ীতে মৃত্যুক সাৱটিলে ১০ গৰাকীকৈ লোকে।

আনহাতে গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন ১৬ জনকৈ লোক।

দেওঁবাৰে পশ্চিমবংগৰ বেহাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

এখন পিক আপ ভানত আছিল এই যাত্ৰীসকল। বাহনখনত বিদ্যুৎ সংযোগ হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, জলপেশলৈ যোৱাৰ সময়তে মেখলিগঞ্জৰ চেংৰাবান্ধা ধৰলা নদীৰ দলঙৰ সমীপত এই কৰুণ ঘটনাটো সংঘটিত হয়।

ভক্ত কঢ়িয়াই অনা এখন পিকআপ ভেনত জেনেৰেটৰৰ শ্বৰ্ট চাৰ্কিট হয়। স্থানীয় সূত্ৰ অনুসৰি জানিব পৰা মতে, গাড়ীখনত আছিল পোহৰৰ সমাহাৰ, বজোৱা হৈছিল বিশেষ ধৰণৰ ছাউণ্ড বক্স। আৰু তাৰ জেনেৰেটৰৰ ইলেকট্ৰিক লাইন শ্বৰ্ট চাৰ্কিট হৈ যায়।

সেই সময়ত কেইবাজনো লোক গাড়ীতে শুইছিল, একাংশ থিয় হৈ আছিল। এই ঘটনাত কেইবাজনো লোক আহত হয়।

আৰক্ষীয়ে জনাইছে, মৃতসকলৰ কঁকালৰ কাষত এটাকৈ ক’লা দাগ প্ৰত্যক্ষ কৰা হৈছে। সেইবাবেই তেওঁলোকৰ শ্বৰ্ট চাৰ্কিট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখ্যে যে বাহনখনত আছিল প্ৰায় ২৭ জন লোক। এই ঘটনাৰ পিছতে ১৬ জন লোকক স্থানীয় জলপাইগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।