অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰী! সাংসদ পুঁজি নিৰ্মাণ সমিতিৰ অধ্যক্ষ শৰ্মিষ্ঠা বৰাসহ একেলগে নিলম্বন ৪ গৰাকী ACS বিষয়াক…

নিউজ ডেস্কঃ সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰীৰ অভিযোগত নিলম্বন ৪ গৰাকীকৈ এচিএছ বিষয়াক।

সাংসদ পুঁজি বিতৰণৰ নামত অনিময়মৰ আশ্ৰয় লোৱাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া কেইগৰাকী।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অনুসন্ধানত পোহৰলৈ অহা তথ্যৰ পিছতে নিলম্বন কৰা হয় বিষয়া কেইগৰাকীক।

নিলম্বন কৰা হৈছে এচিএছ বিষয়া শৰ্মিষ্ঠা বৰা, সুকন্যা বৰা, হেমন্ত কুমাৰ দত্ত আৰু মুনীন বৰদলৈক।

উল্লেখ্য যে, নিলম্বিত এচিএছ বিষয়া শৰ্মিষ্ঠা বৰা গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ-সচিব হিচাপে কাৰ্যৰত আছিল।

আনহাতে সুকন্যা বৰা হৈছে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত।

নিলম্বিত আনগৰাকী বিষয়া হেমন্ত কুমাৰ দত্ত কামৰূপ মহানগৰৰ সহযোগী উপায়ুক্ত হিচাপে দায়িত্ব নিৰ্বাহ কৰি আছিল।

মুনীন বৰদলৈ হৈছে কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত।

উল্লেখ্য যে, নিলম্বিত শৰ্মিষ্ঠা বৰা আছিল সাংসদ পুঁজি নিৰ্মাণ সমিতিৰ অধ্যক্ষ।