অচিৰেই মুকলি হ’ব দেশৰ প্ৰথমটো শীত-তাপ নিয়ন্ত্ৰিত ৰে’ল ষ্টেচন, চাওক সবিশেষ

March 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰেলযাত্ৰী সকলৰ বাবে সুখবৰ। এতিয়াৰ পৰা ৰে’ল ষ্টেচনত যাত্ৰীসকলে ভুগিব নালাগে গৰমৰ অস্বস্তিত। তাৰ পৰিৱৰ্তে ৰে’ল ষ্টেচনত যাত্ৰী উপস্থিত হ’লেই অনুভৱ কৰিব প্ৰশান্তি। সেই অনুসৰি দেশৰ ৰেল ষ্টেচন হ’ব কেন্দ্ৰীয় শীত-তাপ নিয়ন্ত্ৰিত (Centralised AC) ব্যৱস্থাৰ অন্তৰ্ভুক্তি।

অৱশ্যে বৰ্তমান দেশৰ সকলো ৰে’ল ষ্টেচনত উপলব্ধ নহ’ব সেই ব্যৱস্থা। প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা উপলব্ধ হোৱা ৰে’ল ষ্টেচন মুকলি হ’ব বেংগালুৰুৰ বাইয়াপ্পানাহলিত। যিটো ষ্টেচনৰ নাম দেশৰ প্ৰখ্যাত অভিযন্তা ভাৰতৰত্ন ছাৰ এম বিশ্বেশ্বৰায়ৰ নামেৰে নামাকৰণ কৰা হ’ব।

এই কথা শনিবাৰে জানিবলৈ দিয়ে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলে।

দক্ষিণ পশ্চিম ৰে’ল বিভাগৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি, বাইয়াপ্পানাহলি হৈছে ২০১৫-১৬ বৰ্ষত অনুমোদন লাভ কৰা দেশৰ তৃতীয়টো ৰে’ল ষ্টেচন, যিটো দেশৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা তথা প্ৰখ্যাত অভিযন্তা ভাৰতৰত্ন ছাৰ এম বিশ্বেশ্বৰায়ৰ নামেৰে নামাকৰণ কৰা হ’ব।

প্ৰায় ৩১৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই ৰে’ল ষ্টেচন। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এই ষ্টেচনটো উদ্বোধন কৰাৰ কথা আছিল যদিও কিছুমান কাৰণত সেইয়া সম্পন্ন নহ’ল। এই ষ্টেচন কাৰ্যক্ষম হ’লেই দেশৰ সকলো মুখ্য চহৰৰ সৈতে ৰে’ল সংযোগ স্থাপন হ’ব বেংগালুৰুৰ।

উল্লেখ্য যে, ৪২০০ বৰ্গ মিটাৰৰ এই ষ্টেচনটোত থাকিব ৭ টা প্লেটফৰ্ম। প্ৰতিদিনে ৫০ খন ৰেল এই ষ্টেচনেৰে চলাচল কৰিব।

এই ষ্টেচনৰ ওপৰভাগত বেংগালুৰু বিমানবন্দৰ সদৃশ সম্পূৰ্ণ চালি থাকিব। এই ষ্টেচনত ২৫০ খন সৰু গাড়ী আৰু ৯০০ খন মটৰ চাইকেল ৰখাব পৰা পাৰকিঙৰ সুবিধা থাকিব।

ইয়াৰোপৰি ষ্টেচনটোত লিফ্ট, ভি আই পি জিৰণি কক্ষ, পদ পথ, ফুট অভাৰব্ৰীজ থাকিব।