ৰাষ্ট্ৰীয়
অচিৰেই দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ! কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ..?

অচিৰেই দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ।
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ উদয় উমেশ ললিত।
দেশৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন্নাই পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ বাবে ন্যায়াধীশ উদয় উমেশ ললিতৰ নাম প্ৰস্তাৱ কৰিছে।
এন ভি ৰমনাই আইন আৰু ন্যায় মন্ত্ৰীক অৰ্পণ কৰিছে প্ৰস্তাৱ।
যদিহে ৰমনাৰ প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে ন্যায়াধীশ উদয় উমেশ ললিত হ’ব দেশৰ ৪৯ তম মুখ্য ন্যায়াধীশ।
উচ্চতম ন্যায়ালয়ত এতিয়ালৈকে পোনপটীয়াকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ষষ্ঠজন জ্যেষ্ঠ অধিবক্তা ন্যায়াধীশ ললিত।
উল্লেখ্য যে, ন্যায়াধীশ এন ভি ৰমন্নাই ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।
পৰম্পৰাগতভাৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে তেওঁলোকৰ জ্যেষ্ঠতাৰ ভিত্তিত চিজেআই হিচাপে দায়িত্ব লয়।