অসম

অচিনাকি বা বাহিৰৰ পৰা অহা ইমাম তথা মাদ্ৰাছা শিক্ষক দেখিলে খবৰ দিয়ক আৰক্ষীকঃ মুখ্যমন্ত্ৰী

জেহাদী প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

জনতা ভৱনত আয়োজিত কৰা সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়- আজি কিছুদিনৰ পৰা বৰপেটা আৰু মৰিগাঁও জিলাত জেহাদী, মৌলবাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আছে। আমাৰ তথ্যৰ ভিত্তিত বেলেগ ৰাজ্যই জেহাদীৰ গোট উৎখাত কৰিবলৈ সক্ষম হৈছে৷ পূৰ্বে ১০ বছৰত ৫ টা গোট ধৰা হৈছিল, কিন্তু এতিয়া মাত্ৰ ৬ মাহতে ৫ টা গোট ধৰিবলৈ সক্ষম হৈছে আৰক্ষী।

লগতে মুখ্যমন্ত্ৰীয়ে ইয়াকো কয় যে, এই জেহাদী সম্পৰ্কে তথ্য কোনো অন্যই নহয়, বৰঞ্চ মুছলমান লোকেই যোগান ধৰিছিল হেনো আৰক্ষীক। মুছলমান যুৱকসকলক বাহিৰৰ পৰা অহা ইমামে ব্যক্তিগত খণ্ডৰ মাদ্ৰাছাৰ জড়িয়তে এনে জেহাদীৰ কাৰ্যকলাপ চলাবলৈ প্ৰৰোচিত কৰি আহিছে। জেহাদীৰ গতিবিধি উগ্ৰপস্থীৰ গতিবিধিৰ পৰা কিছু পৃথক।

তেওঁ কয়- এমাহত পাঁচটা গোট আনছাৰ উল্লাহ বাংলা টীম উৎখাত কৰিছে অসম আৰক্ষীয়ে। বৰপেটাত বিগত চাৰি মাৰ্চত আনছাৰ উল্লাহ বাংলা টীমৰ এটা গোটক উৎখাত কৰা হৈছিল। মহম্মদ ছুমনক গ্ৰেপ্তাৰ কৰা হৈছিল ছয়জনী দলটোৰ সৈতে। আটাইকেইজনে বাংলাদেশী।

লগতে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় যে, মহজিদত যদি বাহিৰৰ পৰা ইমাম আহিছে তেনে তেওঁ লোকক স্থান নিদিব। যদি আপোনালোকে সেই ইমামক চিনি নাপায় তেন্তে আৰক্ষীক খবৰ কৰক ।আপোনালোকৰ গাঁৱত যদি কোনোবা অচিনাকি মুচলমান মানুহ দেখে খবৰ দিয়ক অসম আৰক্ষীক।

Related Articles

Back to top button