অসম

অঘটন! মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪১গৰাকী ছাত্ৰ-ছাত্ৰী, গুৰুতৰভাৱে অসুস্থ ৩ ছাত্ৰী…

বকোৰ পুঠিমাৰীত অঘটন।

মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈছে ৪১গৰাকী ছাত্ৰ-ছাত্ৰী।

বকোৰ ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পুঠিমাৰীগাঁৱত থকা পুঠিমাৰী শালমাৰা অনুসূচীত আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে অসুস্থ হৈ পৰে ৪১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী।

লগে লগে অসুস্থ ছাত্ৰ-ছাত্ৰীক ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰে বৰষা শীল, প্ৰতিমা ৰায় আৰু ৰিয়া শীল নামৰ ছাত্ৰী ৩গৰাকীৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ৰ পৰা ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাক লৈ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অভিভাৱকৰ লগতে ৰাইজে। লগতে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

Related Articles

Back to top button