অঘটন! ফুটবল খেলৰ মাজতে বজ্ৰপাতত পতি-পত্নীসহ নিহত ৩, আহত ৮

নিউজ ডেস্ক। চিৰাং জিলাৰ বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত অণ্ঠাইবাৰী গাঁৱত মংগলবাৰে বিয়লিৰ ভাগত ফুটবল খেল এখন চলি থকা সময়তে বজ্ৰ পৰাত এগৰাকী মহিলাসহ তিনিজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

এই ঘটনাত আন ৮ জন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুযায়ী, বিয়লি ৪ মান বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

সেই সময়ত বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত অণ্ঠাইবাৰী মায়া ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা ফুটবল খেল প্ৰতিযোগিতাৰ এখন খেল চলি আছিল।

বজ্ৰপাতত মৃত্যু হোৱা দুৰ্ভগীয়া লোককেইগৰাকী হৈছে ক্ৰমে দিলীপ মুছাহাৰী (৩৭), মংকেশ্বৰ বসুমতাৰী (৪৫) আৰু ৰয়েন্তী বসুমতাৰী (৪২)।

মংকেশ্বৰ বসুমতাৰী আৰু ৰয়েন্তী বসুমতাৰী দুয়ো পতি-পত্নী। দম্পতীহালে খেলপথাৰত তামোল-পাণৰ দোকান দিছিল।

আহতসকল হৈছে ক্ৰমে, ৰমন সিং নাৰ্জাৰী, ছানছৌৰাং নাৰ্জাৰী, ট্ৰেছী বৰগয়াৰী, প্ৰকাশ মুছাহাৰী, সান্থিনা বৰগয়াৰী, ৰীতা ইছলাৰী আৰু ককিলা বসুমতাৰী।

আহতসকলক টুক্ৰাঝাৰ আৰু কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

আনহাতে মৃতদেহ তিনিটা মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Comment