অঘটন! প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাত পতিত, কেইবাজনো আহত…

পুৱাই অঘটন!

ডিফুৰ প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাত পতিত।

নগাঁৱৰ কঠিয়াতলীত সংঘটিত হৈছে এক দুৰ্ঘটনা।

যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰত ট্ৰাকে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাটোৰ ফলত আহত হৈছে কেইবাজনো লোক।

উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ পৰা প্ৰধানমন্ত্ৰীৰ সভালৈ আহিছিল ট্ৰেভেলাৰখন৷

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত পৰিস্থিতি উতপ্ত হৈ পৰে। কিয়নো দুৰ্ঘটনাৰ বহু সময়ৰ পিছতো কঠিয়াতলী চাৰিআলিত উপস্থিত হোৱা নাছিল কোনো আৰক্ষীৰ লোক।

আহত সকলক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Leave a Comment