অঘটন! দেৱী বিসৰ্জনৰ সময়ত হঠাতেই উফন্দি উঠিল গাভৰু নৈ, এজনৰ কৰুণ মৃত্যু…

বিজয় দশমীৰ দিনাই শোণিতপুৰৰ মিছামাৰী ভয়ংকৰ অঘটন।

দেৱী বিসৰ্জনৰ সময়ত হঠাতেই উফন্দি উঠিল গাভৰু নৈ।

জানিব পৰা মতে, দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনস্থলীত হঠাৎ গাভৰু নৈখন ওফন্দি উঠাত বহু লোকক উটুৱাই নিয়ে।

একাংশ লোকৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰা হয় ১০ জন লোকক।

কিন্তু সন্ধানহীন হৈ পৰে লক্ষীৰাম কোচ নামৰ এগৰাকী লোক।

স্থানীয় লোকৰ তৎপৰতাত আন লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

আজি বালিত পোত খাই থকাৰ অৱস্থাত উদ্ধাৰ হৈছে লক্ষীৰাম কোচৰ মৃতদেহ।

লক্ষীৰাম কোচ আছিল এজন অৱসৰপ্ৰাপ্ত শিক্ষক।

অঞ্চলটোৰ এগৰাকী সৰবৰাহী লোক লক্ষীৰাম কোচৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে।