অঘটন! কাবাডী খেলৰ সময়ত খহি পৰিল ষ্টেডিয়ামৰ গেলাৰী, আহত শতাধিক দৰ্শক

March 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সোমবাৰে এক অঘটন সংঘটিত হ’ল তেলেংগানাৰ সূৰ্য্যপেট জিলাত। কাবাডী খেল উপভোগৰ বাবে দৰ্শকে ভৰি থকা গেলাৰী ভাঙি আহত হ’ল শতাধিক লোক।

কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই যদিও দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা যায়।

আহত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্বলভাৱে গেলাৰী নিৰ্মাণ কৰাৰ বাবেই এই ঘটনা হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, তেলেংগানা কাবাডী সংস্থা আৰু সূৰ্য্যপেট জিলা কাবাডী সংস্থাই আয়োজন কৰিছিল গুণ্টাকান্দলা সাবিথ্ৰমমা সোঁৱৰণী ৪৭ তম জুনিয়ৰ নেচনেল কাবাডী চেম্পিয়নশ্বিপ ২০২১ প্ৰতিযোগিতা। যিখন প্ৰতিযোগিতাত দেশৰ বহুতো ৰাজ্যৰ কাবাডী দলে অংশগ্ৰহণ কৰে।

সেই অনুসৰি সোমবাৰে এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আছিল। প্ৰায় ১৫০০ ৰো অধিক দৰ্শক উপস্থিত হৈছিল সেই খেল তথা অনুষ্ঠান উপভোগ কৰিবলৈ। দৰ্শকৰ বাবে সজোৱা হৈছিল কাঠৰ গেলাৰী। কিন্তু হঠাতে দৰ্শক ভৰ্ত্তি এটা গেলাৰী খহি পৰে। যাৰ ফলত গোটেই দৰ্শক লগে লগে খহি পৰে। কি এক ভয়ংকৰ দৃশ্য। লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান চলায়।

আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্বলভাৱে নিৰ্মাণ কৰা কাঠৰ গেলাৰীৰ বাবেহে এনে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

তেলেংগানাৰ শক্তি মন্ত্ৰী জগদীশ ৰেড্ডীয়ে আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে চিকিৎসা বিভাগক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে।

লগতে চাওকঃ

আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হোৱাৰ অপূৰ্ব দৃশ্য বন্দী ড্ৰােন কেমেৰাত! ভাইৰেল ভিডিঅ’

অনলাইনত অৰ্ডাৰ কৰিছিল হেডফােন, ঘৰলৈ আহিল শিলৰ টুকুৰা!

মৰ্মান্তিক! বাছ আৰু অটােৰিক্সাৰ সংঘৰ্ষত ১২ অংগনৱাড়ী কৰ্মীসহ ১৩ জনৰ মৃত্যু

হিমস্খলনত বৰফৰ মাজত আবদ্ধ হৈ পৰা ট্ৰাক চালকৰ প্ৰাণৰক্ষা সীমান্ত পথ সংস্থাৰ কৰ্মীৰ… চাওক ভিডিঅ’