অগ্নিবীৰক নাজী বাহিনীৰ সৈতে তুলনা! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

নিউজ ডেস্কঃ বনজুইৰ দৰে বিয়পি পৰিছে ‘অগ্নিপথ’ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিক লৈ সৰৱ হৈ পৰিছে বিৰোধীও। ইয়াৰ মাজতে এইবাৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে অগ্নিবীৰৰ সৈতে তুলনা কৰিলে নাজীক। তাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ সূত্ৰপাত ঘটিছে বিতৰ্কৰ। বিভিন্ন জনে কুমাৰস্বামীৰ এই মন্তব্য ভাৰতীয় সেনা বাহিনীক অপমান কৰা বুলিও দাবী কৰিছে।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইচ ডি কুমাৰস্বামীয়ে কয়, “অগ্নিপথ যোজনা হৈছে আৰ এছ এছৰ এক গোপন কাৰ্যসূচী। ইয়াৰ জৰিয়তে সংঘই সেনাক নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰে। অগ্নিবীৰক নাজী বাহিনীৰ সৈতে তুলনা কৰিব পাৰি। আৰু এই নিযুক্তিত আৰ এছ এছে মুখ্য ভূমিকা ল’ব পাৰে।”

উল্লেখ্য যে, প্ৰথম পৰ্যায়ত অগ্নিপথ আঁচনিৰ অধীনত প্ৰায় ১০ লাখ অগ্নিবীৰক নিযুক্তি দিয়া হ’ব। প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে নিৰ্বাচিতসকলৰ মাজত আৰ এছ এছৰ এটা ফৈদ থাকিব পাৰে বুলিও আশংকা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে চাৰি বছৰৰ পাছত নাজী যুগৰ দৰেই প্ৰায় ৭৫ লাখ অগ্নিবীৰক ব্যৱহাৰ কৰা হ’ব।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিজেপিয়ে। এইছ ডি কুমাৰস্বামীয়ে এনে মন্তব্য কৰে ভাৰতীয় সেনাক অপমানিত কৰা বুলি অভিযোগ কৰিছে একাংশই।

ইফালে অগ্নিপথ আঁচনিক লৈ একাংশ বিজেপি নেতা-মন্ত্ৰীয়ে কৰা মন্তব্যক লৈও চলিছে সৰৱ প্ৰতিক্ৰিয়া। অগ্নিবীৰ সকলক চাৰি বছৰ পিছত বিজেপিৰ কাৰ্যালয়ত নিৰাপত্তাৰক্ষী হিচাপে নিয়োগ কৰা হ’ব বুলি বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ই কৰা মন্তব্যইও সাৰপানী যোগাইছে অগ্নিপথ বিৰোধী প্ৰতিবাদত।

উল্লেখ্য যে, দেশজুৰি অব্যাহত থকা অগ্নিপথ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এই আঁচনিৰ চাকৰিৰ বয়স ২১ৰ পৰা ২৩লৈ বৃদ্ধি কৰা হৈছে। কেৱল সেয়াই নহয়। চাৰি বছৰৰ পাছত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, হাৰিয়ানাৰ দৰে ৰাজ্যই অগ্নিবীৰ সকলক বিভিন্ন ক্ষেত্ৰত চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি দিছে।

একে সময়তে গৃহ মন্ত্ৰণালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰাও অগ্নিবীৰ সকলক নিযুক্তি আৰু সুৰক্ষাৰ আশ্বাস প্ৰদান কৰা হৈছে। কিন্তু তাৰ পিছতো প্ৰতিবাদ শাম নকটাত তীব্ৰ চাপৰ সন্মুখীন হ’বলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰ।