
নিউজ ডেস্ক। কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিবীৰ’ আঁচনিয়ে জ্বলাইছে দেশৰ বিভিন্ন ৰাজ্য।
প্ৰতিবাদকাৰীসকলে জ্বলাই দিছে ৰে’ল, ক্ষতিসাধন কৰিছে ৰাজহুৱা সা-সম্পত্তিৰ।
অসমতাে আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰৰ এই ‘৪ বছৰীয়া’ নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ।

ইয়াৰ মাজতে অসমৰ পৰা ‘অগ্নিবীৰ’ৰ মৰ্যাদা লাভ কৰিবলগীয়া চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
অগ্নিবীৰসকলে পাব অসম আৰক্ষীত পোনপটীয়া নিযুক্তিৰ সুবিধা।
৪ বছৰৰ সেনাৰ চাকৰি পিছত উভতি আহিলে নিযুক্তি দিয়া হ’ব অসম আৰক্ষীত। অসম আৰক্ষীত তেওঁলােকে লাভ কৰিব নিয়মীয়া নিযুক্তি।
মহানগৰীৰ এক অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্ন সন্দৰ্ভত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।