
নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ আগ্নিপথ আঁচনিক লৈ উদ্বেগ প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ।
অগ্নিপথ আঁচনিৰ জৰিয়তে চাকৰি লাভ কৰা যুৱকে ভৱিষ্যতে বিয়া পাতিবলৈ কইনা বিচাৰি নাপাব বুলি মন্তব্য কৰে ৰাণা গোস্বামীয়ে।
অগ্নিপথ আঁচনিৰ নিযুক্তিয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাত ব্যাঘাত জন্মাব বুলি মন্তব্য কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে আজি ৪৬ হাজাৰ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিব। কিন্তু ৪ বছৰ পাছত তাৰ ৭৫ শতাংশ যুৱক-যুৱতীক আঁতৰাই দিয়া হ’ব।
পৰৱৰ্তী সময়ত তেওঁলোকৰ কি হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাণা গোস্বামীয়ে।

তেওঁ লগতে কয় যে সেনাৰ প্ৰশিক্ষণ সাধাৰণতে ১১ মাহ হয়। কিন্তু তাৰ পৰিৱৰ্তে মাত্ৰ ৬ মাহৰ প্ৰশিক্ষণহে অগ্নিপথ আঁচনিৰ নিযুক্ত সকলৰ প্ৰদান কৰা হ’ব। যাৰ ফলত তেওঁলোকে মাত্ৰ ৪২ মাহহে কৰ্তব্য সম্পাদন কৰিব পাৰিব।
অগ্নিপথ আঁচনিৰ দ্বাৰা নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলে ৪ বছৰীয়া কৰ্তব্য সম্পাদনৰ পিছত মানসিকভাৱে ভাগি পৰিব বুলিও মন্তব্য কৰে ৰাণা গোস্বামীয়ে।
বিশেষকৈ উত্তৰ-পূবৰ যুৱকক-যুৱতী সকলৰ ওপৰত ইয়াৰ অধিক প্ৰভাৱ পৰিব বুলি আশংকা ব্যক্ত কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে যদি ৪ বছৰ পিছত এই সকল যুৱক-যুৱতীয়েই সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লয়, তেন্তে তাৰ বাবে জগৰীয়া কোন হ’ব?
এই আঁচনিখন উত্তৰ-পূৰ্বাঞ্চলক অগ্নিগৰ্ভ কৰাৰ আঁচনি বুলি মন্তব্য কৰি এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে।
লগতে চাওকঃ
যোগ্য জনৰ হাতত বিভাগৰ দায়িত্বঃ ৰঞ্জী ট্ৰফীত দুটাকৈ শতক অৰ্জন কৰিলে এগৰাকী ক্ৰীড়া মন্ত্ৰীয়ে…
