অগপ দল বিজেপিৰ তলত নহয়, লগতহে আছেঃ অতুল বৰা

অগপ দল বিজেপিৰ তলত নহয়, লগতহে আছেঃ অতুল বৰা

January 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম গণ পৰিষদ দলৰ সভাপতি মন্ত্ৰী অতুল বৰাই গোলাঘাটত সাংবাদিকসকলৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত মন্তব্য কৰে যে বিজেপিৰ সৈতে মিত্ৰতা অব্যাহত ৰাখি আগন্তুক নিৰ্বাচনত অগপই ভাল ফল দেখুৱাব। তেওঁ কয় যে অসমত পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা হ’ব।

তেওঁ কয়, অসম গণ পৰিষদ দলৰ পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈছে আৰু তেনে ভুলৰ পুনৰাবৃত্তি হ’বলৈ দিয়া নহ’ব।

অসমত আঞ্চলিকতাবাদৰ স্তম্ভ স্বৰূপ অসম গণ পৰিষদ দলৰ হৃত গৌৰৱ পুনৰ ঘূৰি আহিব।

বিজেপিৰ সৈতে মিত্ৰতা মানে আত্মসমৰ্পণ নহয়।

অগপ দল বিজেপিৰ তলত নহয় লগতহে আছে।

সাম্প্ৰতিক সময়ত দেশৰ ৰাজনীতি মানেই মিত্ৰতাৰ ৰাজনীতি। সময়ৰ আহ্বান মানিয়েই জাতীয় স্বাৰ্থত অগপইও মিত্ৰতাৰ ৰাজনীতিৰে আগবাঢ়ি গৈছে আৰু নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচ্যুত নহয়।