অৱশেষত চিৰ নিদ্ৰাত শুই পৰিল অসমৰ বীৰ শ্বহীদ জােৱান সুমন স্বৰ্গীয়াৰী।
শনিবাৰে অসমৰ প্ৰতিবেশী ৰাজ্য মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী চুৰাচান্দপুৰ জিলাৰ থিংঘাটত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুছত শ্বহীদ হােৱা আছাম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ মৃতদেহ সোমবাৰে স্বগৃহত উপস্থিত হয়।
শ্বহীদ জােৱানজনৰ নশ্বৰ দেহ ওপজা গাঁৱত উপস্থিত হােৱাৰ লগে লগে বাক্সা জিলাৰ বৰমাৰ থেকেৰাকুছিৰ কালীবাৰীৰ ঘৰখনত তীব্ৰ শোকাকুল পৰিৱেশে বিৰাজ কৰে। চৌদিশে উঠে কান্দােনৰ ৰােল।
ইয়াৰ পাছতে মাতৃ-পত্নী তথা পৰিয়ালৰ অন্যান্য লোকৰ লগতে অগণন লোকে শেষ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে বীৰ শ্বহীদজনক।
পত্নীয়ে স্বামীৰ নশ্বৰ দেহত জনায় চেল্যুট। ইয়াৰ পাছতেই তেওঁক সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হয় সুমন স্বৰ্গীয়াৰীৰ অন্ত্যেষ্টিক্ৰিয়া।
পঞ্চভূতত বিলীন হয় শ্বহীদজনৰ নশ্বৰদেহ।
উল্লখ্য যে প্ৰয়াত কনক স্বৰ্গীয়াৰী আৰু ললিতা স্বৰ্গীয়াৰীৰ একমাত্ৰ পুত্ৰ সুমনে পত্নীৰ লগতে তিনি বছৰীয়া এটি পুত্ৰ, এগৰাকী জ্যেষ্ঠ ভগ্নীক ইহ সংসাৰত এৰি গৈছে।
Mortal remains of Assam Rifle martyred Jawan Suman Swargiary brought to his home at Baksa today. Suman lost his life in the Manipur ambush on November 13. @epatrakaar@Pashupati2207@newsindia24x7_#ManipurAmbush #NortheastIndia #AssamRifles pic.twitter.com/n6ErxnFiNp
— Uzzal charingia (@Uzzalcharingia) November 15, 2021
২০১১ চনত আছাম ৰাইফলছত যোগদান কৰা সুমন স্বৰ্গীয়াৰীয়ে শেষবাৰৰ বাবে জুলাই মাহত ঘৰলৈ আহিছিল। লগতে অহা ডিচেম্বৰ মাহত পুত্ৰৰ জন্মদিনত অহাৰ কথা আছিল।
শ্বহীদগৰাকীৰ নশ্বৰদেহ দেওবাৰে ইম্ফলৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীলৈ অনা হৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে যােৰহাটতে নিশা মৃতদেহটাে ৰখা হয়।
সোমবাৰে পুৱা ৭.৩০বজাত যােৰহাটৰ পৰা বৰঝাৰত থকা ভাৰতীয় বায়ুসেনাৰ চাউনীত উপস্থিত হয় স্বহীদ জােৱানজনৰ নশ্বৰ দেহ।
তাতেই ৰাজ্য চৰকাৰৰ হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ পাছতেই স্থল পথেৰে স্বগৃহলৈ নিয়া হয় জােৱানজনৰ নশ্বৰ দেহ।