অসমঅসমীয়া

অখিল গগৈৰ লিমিট ১০০ কোটি, কিন্তু আমাৰ লিমিটৰ কোনো লিমিটেই নাইঃ বিমল বৰা

নিৰ্বাচন মানেই দলীয় আক্ৰমণ-প্ৰত্যাক্ৰমনৰ ৰাজনীতি। বিপক্ষৰ দলক ক্ষুৰধাৰ সমালোচনা কৰি জনতাৰ মনত হেয় প্ৰতিপন্ন কৰোৱাই নিজ দলক শক্তিশালী প্ৰমাণিত কৰাৰ এখন প্ৰতিযোগিতাৰ আৰম্ভণি ঘটে এই নিৰ্বাচনত।

সমাগত পৌৰ সভা নিৰ্বাচনক কেন্দ্ৰ কৰিও তেনেদৰেই আগবাঢ়িছে প্ৰতিটো ৰাজনৈতিক দল। বিপক্ষক সমালোচনা কৰি প্ৰচাৰত নামিছে দলৰ নেতা-কৰ্মী।

যোৱা বিধানসভা নিৰ্বাচনত শিৱসাগৰত জয়লাভ কৰা অখিল গগৈ এতিয়া শাসকীয় বিজেপিৰ বাবে মূৰৰ কামোৰণি। শিৱসাগৰ নগৰৰ পৌৰ সভা নিৰ্বাচনৰ সময়তো এতিয়া বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিছে অখিল গগৈৰ ৰাইজৰ দল।

যাৰ বাবে এতিয়া শিৱসাগৰ নগৰত দিনে-নিশাই প্ৰচাৰত নামিছে বিজেপিৰ বৰ বৰ মন্ত্ৰী-বিধায়ক। বিভিন্ন প্ৰতিশ্ৰুতিৰে, অখিল গগৈক কটাক্ষ কৰি নিৰ্বাচনী দেওনা অতিক্রমৰ চেষ্টা চলোৱা দেখা গৈছে বিজেপিক।

শেহতীয়াকৈ শিৱসাগৰ নগৰৰ পৌৰ সভা নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই অখিল গগৈক ‘টুপী’ আখ্যা দিলে চৰকাৰৰ শক্তিমন্ত্ৰী বিমল বৰাই। নিৰ্বাচনী প্ৰচাৰত শিৱগাসৰৰ সামগ্ৰিক উন্নয়নৰো প্ৰতিশ্ৰুতি দিলে মন্ত্ৰীগৰাকীয়ে।

বিধানসভা নিৰ্বাচনত শিৱসাগৰ বাসী ৰাইজে কৰা ভুলৰ পৌৰ সভাৰ নিৰ্বাচনত সংশোধন কৰাৰ সুযোগ পাইছে বুলি মন্তব্য কৰি বিমল বৰাই অখিল গগৈক এটা টুপী বুলি অভিহিত কৰে। ৰাইজেই এই টুপী খুলিব লাগিব বুলিও মন্তব্য কৰে বিমল বৰাই।

বিমল বৰাৰ মতে, শিৱসাগৰৰ উন্নয়নৰ বাবে তেওঁ নিজে দায়বদ্ধ, বিজেপি চৰকাৰ দায়বদ্ধ। সেইবাবেই অখিল গগৈ দায়বদ্ধ নহয় বুলিও একপ্ৰকাৰ দাবী কৰিলে মন্ত্ৰীজনে।

শিৱসাগৰৰ উন্নয়নৰ বাবে সদনত অখিল গগৈয়ে বিচৰা ১০০ কোটি টকাৰ প্ৰসংগ টানি আনিও কটাক্ষ কৰিবলৈ নেৰিলে বিমল বৰাই। তেওঁ কয়, “এশ কোটি টকাত শিৱসাগৰৰ উন্নয়ন সম্ভৱ নহয়। কিন্তু অখিল গগৈৰ লিমিট সেই এশ কোটিয়েই। কিন্তু আমাৰ লিমিটৰ কোনো লিমিটেই নাই।” শক্তিমন্ত্ৰীৰ মতে- শিৱসাগৰৰ উন্নয়নৰ বাবে বিজেপিৰ আকাশেই শেষ সীমা!

কিনকিনিয়া এজাক বৰষুণ দিলেই বিদ্যুতে লুকাভাকু খেলা বিদ্যু বিভাগৰ মন্ত্ৰী বিমল বৰাই লগতে অতি শীঘ্ৰে সমগ্ৰ অসমত এশ শতাংশ লোকে বিদ্যুৎ সেৱা লাভ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। শিৱসাগৰৰ উন্নয়নৰ বাবে পৌৰ সভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোট জয়লাভ কৰাটো প্ৰয়োজন বুলিও মন্তব্য কৰে বিমল বৰাই।

Related Articles

Leave a Reply

Back to top button