অখিল গগৈৰ জয়লাভ সন্দৰ্ভত কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?

May 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ নিৰ্বাচনী ইতিহাসত এক নজিৰ সৃষ্টি কৰি বিধানসভা নিৰ্বাচনত জয়লাভ কৰিলে কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে।

১੦৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে ৰাইজৰ অভূতপূৰ্ব সমৰ্থন লাভ কৰি জয়লাভ কৰিলে দলটােৰ সভাপতি অখিল গগৈয়ে।

অখিল গগৈৰ বিজয় সন্দৰ্ভত তেওঁৰ ছাত্ৰ ৰাজনীতিৰ সময়ৰ পৰাই প্ৰতিদ্বন্দ্বী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে সােধা প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ডঃ শৰ্মাই কয় যে ছাত্ৰ ৰাজনীতি বা সংগ্ৰামী ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিত অখিল গগৈ ভৰি দিব। সংসদীয় ৰাজনীতিত থাকি, এই সময়ত যিবিলাক অসংসদীয় কাম হৈ আছে, সেই সমূহৰ পৰা অখিল গগৈৰ উত্তৰণ হ’ব।

ডঃ শৰ্মাই প্ৰাক্তন বিধায়ক গৌৰীশংকৰ ভট্টাচাৰ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজৰ দৰে নেতাৰ উদাহৰণ দি কয় যে বিৰােধী দলত থাকিও যি দৰে এই নেতাসকলে গঠনমূলক ৰাজনীতি কৰিছিল, আমি তেনে ধৰণৰ ৰাজনীতি অখিল গগৈৰ পৰা আশা কৰিছাঁ।

চাওক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াৰ ভিডিঅঃ

লগতে চাওকঃ

লুৰীণজ্যােতি গগৈৰ পৰাজয় সন্দৰ্ভত কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?