অক্সিজেন উৎপাদন গােটৰ বাবে সাংসদ পূঁজিৰ ২ কােটি টকা আগবঢ়ালে সাংসদ ভূৱনেশ্বৰ কলিতাই

May 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত জটিল ক’ভিড জনিত পৰিস্থিতিৰ মাজতে অসম চৰকাৰে অক্সিজেনৰ নাটনি ৰােধৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বিশেষকৈ ৰাজ্যৰ বিভিন্ন জিলাত নতুনকৈ অক্সিজেন উৎপাদন গােট স্থাপনৰ বাবে বিশেষ পদক্ষেপ লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

চৰকাৰৰ এনে প্ৰচষ্টাৰ প্ৰতি সহযােগিতা আগবঢ়াইছে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই।

সাংসদগৰাকীয়ে নিজৰ সাংসদ পূঁজিৰ পৰা ২ কােটি টকা অক্সিজেন উৎপাদন গােট স্থাপনৰ বাবে চৰকাৰক অৰ্পণ কৰিছে।

এই অনুদানেৰে কামৰূপ জিলাৰ ৰঙিয়াত এটা অক্সিজেন উৎপাদন গােট স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।

শনিবাৰে এই বিষয়া আনুষ্ঠানিক পত্ৰ কামৰূপ জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰে সাংসদগৰাকীয়ে।