
নিউজ ডেস্কঃ ৰিজ’ৰ্টৰ এগৰাকী ৰিচিপশ্যনিষ্টক দেহ বিক্ৰী নকৰাৰ বাবেই হত্যা কৰাৰ ঘটনাই উত্তাল কৰি ৰাখিছে উত্তৰাখণ্ড। ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতাৰ পুত্ৰসহ তিনি জনক। আৰক্ষীয়ে খালৰ পৰাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যুৱতীগৰাকীৰ মৃতদেহ।
ইফালে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ প্ৰত্যক্ষ নিৰ্দেশত বুলড’জাৰ চলোৱা হৈছে বিজেপি নেতাৰ পুত্ৰ পুলকিত আৰ্যৰ ৰিজ’ৰ্টখনত। এইখন ৰিজ’ৰ্টতে ৰিচিপশ্যনিষ্ট হিচাপে কৰ্মৰত অংকিতা ভাণ্ডাৰী নামৰ ১৯ বৰ্ষীয় যুৱতীগৰাকীক নিৰ্মমভাৱে হত্যা কৰি মৃতদেহ চিল্লা পাৱাৰ হাউচৰ সমীপৰ খালত পেলাই দিছিল হত্যাকাৰী পুলকিত আৰ্য, ৰিজ’ৰ্টৰ মেনেজাৰ সৌৰভ ভাস্কৰ আৰু অংকিতে। শনিবাৰে ক্ষুব্ধ লোকে ৰিজ’ৰ্টখনৰ ওচৰতে নিৰ্মাণ কৰা তেওঁৰ কাৰখানাতো জুই জ্বলাই দিয়ে।

এই ঘটনাৰ পিছত বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰিছে পুলকিতৰ পিতৃ বিনোদ আৰ্য্যক। তেওঁ উত্তৰাখণ্ড চৰকাৰৰ বিজেপি নেতা আৰু মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আছিল আৰ্য। উত্তৰাখণ্ড অ’বিচি কল্যাণ আয়োগৰ উপ-সভাপতি পদৰ পৰাও অপসাৰণ কৰা হৈছে পুলকিতৰ ভাতৃ অংকিত আৰ্য্যক। তেওঁক ৰাজ্যমন্ত্ৰীৰ মৰ্যাদা দিয়া হৈছিল। পুলকিত এটা হাই প্ৰফাইল ৰাজনৈতিক পৰিয়ালৰ অন্তৰ্গত, যাৰ বাবে মুখ্যমন্ত্ৰী ধামীয়ে হস্তক্ষেপ কৰিবলগীয়া হৈছিল।

১৮-১৯ ছেপ্টেম্বৰলৈ সন্ধানহীন আছিল অংকিতা। ইয়াৰ পিছতে দেউতাকে ৰিজৰ্টত উপস্থিত হৈ কৰ্মচাৰী সকলক সোধা-পোছা কৰে। যেতিয়া কন্যাৰ সন্ধান উলিয়াব নোৱাৰিলে, তেতিয়া তেওঁ নিৰুদ্দেশ হোৱা ব্যক্তিৰ ৰিপৰ্ট দাখিল কৰে। ছ’চিয়েল মিডিয়াতো তেওঁক বিচাৰি উলিয়াবলৈ এটা অভিযান চলি আছিল। সন্দেহৰ ভিত্তিত আৰক্ষীয়ে পুলকিতক জেৰা কৰে। অভিযুক্তই অংকিতাক গংগা নদীত ঠেলি দিয়াৰ কথা স্বীকাৰ কৰে। ইয়াৰ পিছতে উদ্ধাৰকাৰী সংস্থাসমূহে চিল্লা পাৱাৰ হাউচৰ সমীপৰ এটা খালৰ পৰা অংকিতাৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি অংকিতা ভাণ্ডাৰীৰ নিৰুদ্দেশৰ তথ্য ১৮ ছেপ্টেম্বৰত দিয়া হৈছিল। তদন্তত প্ৰকাশ পাইছে যে ১৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৮ বজাত অংকিতা পুলকিত আৰ্য, তেওঁৰ ৰিজৰ্ট মেনেজাৰ সৌৰভ ভাস্কৰ আৰু অংকিত ওৰফে পুলকিত গুপ্তাৰ সৈতে ঋষিকেশলৈ গৈছিল। উভতি অহাৰ সময়তে তিনিওজন অভিযুক্তই চিলা ৰোডৰ কাষতে ৰৈ সুৰাপান কৰে। অংকিতাই তেওঁলোকৰ পানীয় শেষ হোৱালৈ অপেক্ষা কৰে। সুৰাপান কৰাৰ পিছত তিনিওজনে যুৱতীগৰাকীৰ লগত কাজিয়া আৰম্ভ কৰে।

বাতৰি অনুসৰি, পুলকিত আৰ্যই অংকিতাক ৰিজ’ৰ্টৰ গ্ৰাহকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ কৈছিল। কিন্তু অংকিতাই সেয়া কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই ক্ষুব্ধ হৈ তিনিওজনে যুৱতীগৰাকীক হত্যা কৰি খালত পেলাই দিয়ে।
অংকিতা ভাণ্ডাৰী সন্ধানহীন হোৱাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ৰিজ’ৰ্টৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাত এয়া স্পষ্ট হৈ পৰে যে ৰিজ’ৰ্ট এৰি যোৱাৰ সময়ত মুঠ চাৰিজন লোক আছিল, কিন্তু মাত্ৰ তিনিজনহে উভতি আহিছিল। লগে লগে আৰক্ষীৰ সন্দেহ গভীৰ হৈ পৰাত ৰিজ’ৰ্টৰ স্বত্বাধিকাৰ পুলকিত আৰ্য আৰু আন দুজনক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাত হত্যাকাৰ কথা স্বীকাৰ কৰে আটাইকেইজনে।

ইফালে অভিযুক্তৰ ভাষ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অংকিতাৰ মৃতদেহটোও। এছডিআৰএফৰ এগৰাকী বিষয়াই জনোৱা মতে, অংকিতাৰ পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰে, তাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ঋষিকেশ এইমছলৈ লৈ যোৱা হৈছে। শুকুৰবাৰে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে জনোৱা মতে, নিৰুদ্দেশ হোৱা প্ৰতিবেদনক হত্যাকাণ্ডৰ গোচৰলৈ ৰূপান্তৰিত কৰা হৈছে। ধৃত অভিযুক্তক অধিক জেৰা অব্যাহত আছে।

শুকুৰবাৰে আৰক্ষীয়ে পুলকিত, অংকিত আৰু সৌৰভক আদালতত হাজিৰ কৰে, য’ৰ পৰা তিনিওজনকে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অংকিতাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অভিযুক্তৰ ওপৰত হত্যা আৰু প্ৰমাণ লুকুৱাই ৰখাৰ ধাৰা বৃদ্ধি কৰা হৈছে। শুকুৰবাৰে বিষয়টো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ৰিজৰ্টখন ছীল কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে পুলকিত আৰ্য্যৰ ৰিজৰ্টতো আক্ৰমণ চলায়।