অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব…

অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব।

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত।

যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পূৰ্বে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰীৰ দায়িত্বত আছিল অংকিতা দত্ত।

আমগুৰি সমষ্টিৰ পৰা ২০২১ চনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল অংকিতা দত্তই।

অৱশ্যে নিৰ্বাচনত পৰাস্ত হৈছিল অংকিতা দত্ত।

দলীয় মজিয়াত যথেষ্ট দিন মৌন হৈ আছিল তেওঁ।

d1618b1f 8af2 4458 9059 0a556002364b

ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে ৰাতুল পাটোৱাৰীক।

উল্লেখ্য যে, ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পৰা ৰাতুল পাটোৱাৰীয়ে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি পৰাস্ত হৈছিল।

ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস বি ভি য়ে দুয়োগৰাকীকে সভাপতি আৰু কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে

1ebc572e a23a 48b2 8e85 8e93854cc0c7

Leave a Comment